Sunday, 4 August 2019

চেঙাত গ্ৰীষ্মকালিন পাঠদানৰ সামৰণি অনুষ্ঠান চেঙা উদীয়মান যুৱ সংঘৰ


4 আগষ্টঃ  পূৱ বৰপেটাৰ অন্যতম বেচৰকাৰী সংস্থা চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত যোৱা 2 জুলাইৰ পৰা চলি থকা বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ যোৱা 31 জুলাইত সামৰণি পৰে । এই উপলক্ষ্যে আজি চেঙা অভ্যসন মজলীয়া বিদ্যালয়ত পাঠদান সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । কৃতী  শিক্ষক জাইৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত আঞ্চলিক জাতীয় বিদ্যালয় আৰু আঞ্চলিক জুনিয়ৰ কলেজৰ ইংৰাজী শিক্ষক মকিবুৰ ৰহমান আৰু চেঙাৰ গণিত শিক্ষক আফজাল আলীক  বিশেষ সম্বৰ্ধনা জনোৱা হয় । বিগত 30 টা দিন বানপানীৰ মাজতো অশেষ কষ্ট কৰি শিক্ষাদান কৰিছিল আজি সম্বৰ্ধিত শিক্ষক দুগৰাকীয়ে । উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলামে(মণি) আঁত ধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিৰিণা গোষ্ঠী, অসমৰ সভাপতি তথা সাংবাদিক লীলাধৰ পাঠক , চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া , গণিত শিক্ষক মহিবৰ ৰহমানে ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় আৰু উদীয়মান যুৱ সংঘই বিভিন্ন সময়ত সমাজ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়াই অহা কৰ্মৰাজিক প্ৰশংসা কৰে ।



নৱম আৰু দশম শ্ৰেণীৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনত স্থানীয় যুৱক ইলিয়াচ আলী , চেঙা মুছলমানপাৰা গাঁও উন্নয়ন সমিতিৰ সম্পাদক ৰৌচান আলী , গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা সমিতিৰ সম্পাদক চুলেইমান আলী, আতিকুৰ শেখ , ইনজামুল হক আদি বিশিষ্ট ব্যক্তিসকলৰ উপৰি উদীয়মান যুৱ সংঘৰ সম্পাদক জিতুমণি বৰুৱাকে আদি কৰি সংঘৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।






প্ৰায় এমাহযোৰা পাঠদান শিৱিৰৰ মেধা পৰীক্ষত সফলতা দেখুওৱা ছাত্ৰ মহিবুল হক আৰু ছাত্ৰী মণিজা বেগমক বিশেষভাৱে পুৰষ্কৃত কৰাৰ উপৰিও পাঠদান শিৱৰৰ প্ৰতিগৰাকী শিক্ষাৰ্থীকে আজি একোটাকৈ কলম প্ৰদান কৰে যুৱ সংঘৰ কৰ্মকৰ্তাসকলে । শিক্ষাৰ্থীৰ ফালৰ পৰা ৰাজকোৱৰ ৰহমান, ৰাজীৱ আলী , জেউতি বৰুৱা আৰু চবনম পাৰবিনে গ্ৰীষ্মকালীন পাঠদানৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰে ।




No comments:

Post a Comment