CUYS, Chenga: আজি ২০ জুলাই ২০১৯ তাৰিখে বৰপেটা জিলাৰ ৬ নং জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই চেঙা উদীয়মান যুৱ সংঘৰ লগত ৫ খন গাঁও পঞ্চায়তৰ শিবিৰত সাহায্য বিতৰণ কৰিলে। উক্ত সাহায্যত পাওৰুতি , খোৱা পানী , চিৰা , চেনি, মহৰ পৰা ৰক্ষা পাবলৈ মেস্কো ইত্যাদি থাকে। বসন্ত ঠাকুৰীয়াই বানপীড়িত ৰাইজৰ লগত কিছু মত বিনিময়ৰ দ্বাৰা তেওঁলোকৰ পৰিস্থিতিৰ জ্ঞান লৈ বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰে।
এই কাৰ্যসূচীত বানপীড়িত ৰাইজে ৬ নং জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া আৰু চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলামক অন্তৰৰে আশীৰ্বাদ দিয়ে।











No comments:
Post a Comment