Monday, 22 July 2019

চেঙাত বান শিবিৰ পৰিদৰ্শন অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিৰ-চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও পৰিদৰ্শন ।


    CUYS, Chenga, 22 July 2019 : ৰাজ্যখন বানপানীৰ কবলত পৰাত বন্যাৰ্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।সম্প্ৰতি বান পৰিস্থিতি কিছু  উন্নত হৈছে যদিও বন্যাৰ্তৰ সমস্যা কমা নাই। নিজৰ আপোন ঘৰখন এৰি থাকিবলগীয়া হৈছে শিবিৰত।শিবিৰসমূহত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।চৰকাৰ বা বিভিন্ন দল-সংগঠনে বানসাহায্য যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উঠিছে। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯খন গাঁও বানৰ কবলত পৰাত সৰ্বস্বান্ত হৈ পৰিছে বন্যাৰ্তসকল। চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৱ চেঙা হাইস্কুল, শালদিয়াপাৰা এল পি স্কুল, শালদিয়া পাৰাৰ অংগনৱাডী কেন্দ্ৰ, চেঙা আদৰ্শ বিদ্যালয় আদি বান শিবিৰত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি উপস্থিত হৈ বন্যাৰ্তৰ স'তে মত-বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ পিছতেই অতিৰিক্ত উপায়ুক্তগৰাকীয়ে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যাসমূহৰ বুজ লয় আৰু সমস্যাসমূহ দূৰ কৰি ৰোগীসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামক নিৰ্দেশনা দিয়ে।লগতে বান শিবিৰ সমূহত চিকিৎসকৰ দল পঠিয়াই বন্যাৰ্তক চিকিৎসা সেৱা আগবঢ়াবলৈও নিৰ্দেশনা দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে  ।উল্লেখ্য যে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ হেমাহি আৰু  বিদ্যুত নাথাকিলে টৰ্চলাইট , মমবাতি, মবাইলৰ পোহৰেৰে ৰোগীক চিকিৎসা কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া।দীৰ্ঘদিন ধৰি ৰোগীয়ে চিকিৎসালয়খনত থকা এম্বুলেঞ্চ সেৱাৰ পৰাও বঞ্চিত হৈ আছে। চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা পোনে পোনে  অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে চেঙা ৰাজহ চক্ৰৰ  চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয়। চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ স'তে বান পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয় অতিৰিক্ত উপায়ুক্ত পুলক  পাটগিৰিয়ে।বান শিবিৰ পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্তগৰাকীক সংগ দিয়ে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সম্পাদক চলমান হুছেইন, চেঙা উদীয়মান যুৱ সংঘৰ কেবাগৰাকী সদস্যই।






















No comments:

Post a Comment