Monday, 17 June 2019

বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (বিশেষ শাখা) হেমেন দাসে দেওবাৰে চেঙাত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভাত

 CUYS (NGO), Chenga : “সামাজিক দায়বদ্ধতাৰ শিক্ষা আহৰণ কৰিব নোৱাৰিলে কেৱল নম্বৰ গটোৱা উচ্চ শিক্ষা অৰ্থহীন ।পুথিগত শিক্ষাৰ সমান্তৰালকৈ এজন ভাল মানুহ হোৱাৰ শিক্ষা আমাক লাগিব “।- বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (বিশেষ শাখা) হেমেন দাসে দেওবাৰে চেঙাত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভাত এই অভিমত ব্যক্ত কৰে ।


চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত চেঙা বেচিক চ’কত সন্ধিয়া কীৰ্তিমানসকলক উদ্দেশ্যি অনুষ্ঠিত হোৱা সভাখনত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দিয়া ভাষণত নিজ কৰ্মৰাজিৰ দ্বাৰাহে নিজৰ অস্তিত্ব ৰক্ষা সম্ভৱ বুলি কয়।একেদৰে জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন ছাত্ৰ নেতা ধনী আলীয়ে দেশ তথা সমাজৰ দায়িত্ব কীৰ্তিমানসকলে মূৰ পাতি ল’ব লাগিব বুলি উল্লেখ কৰে।
চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলামে (মণি) আঁত ধৰা আৰু সমাজ সচেতক মনোজ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ , সমাজসেৱক ৰবিউল হুছেইন, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া , বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক, প্ৰাক্তন ছাত্ৰ নেতা খনিন পাঠক, যুৱ সমাজকৰ্মী ইলিয়াছ আলী ,বৰপেটা জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক ছলমান হুছেইনকে ধৰি বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে ।
অনুষ্ঠানত সদ্য ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চেঙা অঞ্চলৰ ১২ গৰাকী কীৰ্তিমানক অভিনন্দন পত্ৰ, গামোচা,গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।ইয়াৰ আগতে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।
কুইজ মাষ্টাৰ সমৰেন্দ্ৰ ঠাকুৰীয়া , প্ৰমথেশ ঠাকুৰীয়া, হাচিব আহমেদ আৰু কুইজ সঞ্চালক শিক্ষক জাইৰুল ইছলামে সুচাৰুৰূপে সম্পন্ন কৰা প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ২০০১টকা আগবঢ়ায় নজৰুল আলীয়ে আৰু দ্বিতীয় পুৰস্কাৰ ১৫০১ টকা প্ৰদান কৰে ৰফিক আলীয়ে । প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে হৃষিকেশ পাঠক আৰু আজহাৰ আলীৰ দলে ।

Sunday, 16 June 2019

Some moment of quiz

President of that meeting speaking his speech.






Saturday, 15 June 2019

বিশেষ অভিনন্দন অনুষ্ঠান ও কুইজ প্ৰতিযোগিতা 2019 (CUYS)

যোৱা কেইবছৰৰ দৰে এইবছৰো চেঙা #উদীয়মান #যুৱ #সংঘ (NGO) ৰ #উদ্যোগত অহা ১৬ জুনৰ আবেলি ৩ বজাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক #সম্বৰ্ধনা জনোৱাৰ লগতে এখনি#কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । গতিকে উক্ত অনুষ্ঠানত আপোনালোকৰ উপস্থিত আমাক উৎসাহ আৰু অনুপ্ৰেৰণা প্ৰদান কৰিব বুলি আশা কৰিলোঁ । স্থান : চেঙা বেচিক খেলপথাৰ । কুইজ প্ৰতিযোগিতাৰ সময় ৰাতিপুৱা ১১ বজাত । প্ৰতিযোগিতাৰ পুৰস্কাৰ
প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ সমূহ ,, ২০০১.০০ টকা , দাতা = নজৰুল আলী- চেঙা ।
দ্বিতীয় পুৰস্কাৰ ১৫০১.০০ টকা , দাতা = ৰফিক আলী - চেঙা ।