CUYS, Chenga, 22 July 2019 : ৰাজ্যখন বানপানীৰ কবলত পৰাত বন্যাৰ্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।সম্প্ৰতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বন্যাৰ্তৰ সমস্যা কমা নাই। নিজৰ আপোন ঘৰখন এৰি থাকিবলগীয়া হৈছে শিবিৰত।শিবিৰসমূহত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।চৰকাৰ বা বিভিন্ন দল-সংগঠনে বানসাহায্য যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উঠিছে। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯খন গাঁও বানৰ কবলত পৰাত সৰ্বস্বান্ত হৈ পৰিছে বন্যাৰ্তসকল। চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৱ চেঙা হাইস্কুল, শালদিয়াপাৰা এল পি স্কুল, শালদিয়া পাৰাৰ অংগনৱাডী কেন্দ্ৰ, চেঙা আদৰ্শ বিদ্যালয় আদি বান শিবিৰত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি উপস্থিত হৈ বন্যাৰ্তৰ স'তে মত-বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ পিছতেই অতিৰিক্ত উপায়ুক্তগৰাকীয়ে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যাসমূহৰ বুজ লয় আৰু সমস্যাসমূহ দূৰ কৰি ৰোগীসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামক নিৰ্দেশনা দিয়ে।লগতে বান শিবিৰ সমূহত চিকিৎসকৰ দল পঠিয়াই বন্যাৰ্তক চিকিৎসা সেৱা আগবঢ়াবলৈও নিৰ্দেশনা দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ।উল্লেখ্য যে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ হেমাহি আৰু বিদ্যুত নাথাকিলে টৰ্চলাইট , মমবাতি, মবাইলৰ পোহৰেৰে ৰোগীক চিকিৎসা কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া।দীৰ্ঘদিন ধৰি ৰোগীয়ে চিকিৎসালয়খনত থকা এম্বুলেঞ্চ সেৱাৰ পৰাও বঞ্চিত হৈ আছে। চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা পোনে পোনে অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয়। চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ স'তে বান পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয় অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে।বান শিবিৰ পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্তগৰাকীক সংগ দিয়ে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সম্পাদক চলমান হুছেইন, চেঙা উদীয়মান যুৱ সংঘৰ কেবাগৰাকী সদস্যই।
CUYS full form Chenga Udiyaman Yuba Sangha is the Non profitable and Non Government Organization.
Monday, 22 July 2019
চেঙাত বান শিবিৰ পৰিদৰ্শন অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিৰ-চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও পৰিদৰ্শন ।
CUYS, Chenga, 22 July 2019 : ৰাজ্যখন বানপানীৰ কবলত পৰাত বন্যাৰ্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।সম্প্ৰতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বন্যাৰ্তৰ সমস্যা কমা নাই। নিজৰ আপোন ঘৰখন এৰি থাকিবলগীয়া হৈছে শিবিৰত।শিবিৰসমূহত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।চৰকাৰ বা বিভিন্ন দল-সংগঠনে বানসাহায্য যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উঠিছে। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯খন গাঁও বানৰ কবলত পৰাত সৰ্বস্বান্ত হৈ পৰিছে বন্যাৰ্তসকল। চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৱ চেঙা হাইস্কুল, শালদিয়াপাৰা এল পি স্কুল, শালদিয়া পাৰাৰ অংগনৱাডী কেন্দ্ৰ, চেঙা আদৰ্শ বিদ্যালয় আদি বান শিবিৰত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি উপস্থিত হৈ বন্যাৰ্তৰ স'তে মত-বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ পিছতেই অতিৰিক্ত উপায়ুক্তগৰাকীয়ে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যাসমূহৰ বুজ লয় আৰু সমস্যাসমূহ দূৰ কৰি ৰোগীসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামক নিৰ্দেশনা দিয়ে।লগতে বান শিবিৰ সমূহত চিকিৎসকৰ দল পঠিয়াই বন্যাৰ্তক চিকিৎসা সেৱা আগবঢ়াবলৈও নিৰ্দেশনা দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ।উল্লেখ্য যে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ হেমাহি আৰু বিদ্যুত নাথাকিলে টৰ্চলাইট , মমবাতি, মবাইলৰ পোহৰেৰে ৰোগীক চিকিৎসা কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া।দীৰ্ঘদিন ধৰি ৰোগীয়ে চিকিৎসালয়খনত থকা এম্বুলেঞ্চ সেৱাৰ পৰাও বঞ্চিত হৈ আছে। চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা পোনে পোনে অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয়। চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ স'তে বান পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয় অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে।বান শিবিৰ পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্তগৰাকীক সংগ দিয়ে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সম্পাদক চলমান হুছেইন, চেঙা উদীয়মান যুৱ সংঘৰ কেবাগৰাকী সদস্যই।
Saturday, 20 July 2019
বানপিড়ীত ৰাইজলৈ সাহায্য ব্যক্তিগতকৈ বৰপেটা জিলাৰ ৬ নং চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ সহানুভূতি ।
CUYS, Chenga: আজি ২০ জুলাই ২০১৯ তাৰিখে বৰপেটা জিলাৰ ৬ নং জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই চেঙা উদীয়মান যুৱ সংঘৰ লগত ৫ খন গাঁও পঞ্চায়তৰ শিবিৰত সাহায্য বিতৰণ কৰিলে। উক্ত সাহায্যত পাওৰুতি , খোৱা পানী , চিৰা , চেনি, মহৰ পৰা ৰক্ষা পাবলৈ মেস্কো ইত্যাদি থাকে। বসন্ত ঠাকুৰীয়াই বানপীড়িত ৰাইজৰ লগত কিছু মত বিনিময়ৰ দ্বাৰা তেওঁলোকৰ পৰিস্থিতিৰ জ্ঞান লৈ বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰে।
এই কাৰ্যসূচীত বানপীড়িত ৰাইজে ৬ নং জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া আৰু চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলামক অন্তৰৰে আশীৰ্বাদ দিয়ে।
Friday, 19 July 2019
অসমৰ বানপানীত লোৱা শিবিৰত অলপ সহায়ৰ কিছু মুহূৰ্ত
CUYS, Chenga: বৰপেটা জিলাৰ চেঙা অঞ্চলত অসহায় লোক সকলৰ শিবিৰত আজি আমাৰ NGO ৰ ফালৰ পৰা কিছু সহায়ৰ চেষ্টা চলোৱা হৈছে। বানপানীয়ে লোক সকলৰ খোৱা পানীৰ বিশেষ অসুবিধাৰ সৃষ্টি কৰিছে, সেয়ে আমাৰ তৰফৰ পৰা খোৱা পানীৰ যোগান ধৰা হল যদিও জনসংখ্যা বেছি হোৱাৰ বাবে বীজাণু মুক্তিকৰণ এবিধ পিল দিয়া হল। এই পিলৰ দ্বাৰা তেওঁলোকে 20 লিটাৰ পানীত এটা পিল দি 30 মিনিট পিছত খাব পাৰিব। আষা কৰিছো আমাৰ দৰে সকলোৱে এই অসহায় লোকসকলক কিছু পৰিমানে সহায় আগবঢ়াব যেন। কিবা অসুবিধা হলে আমাৰ যোগে সহায় কৰিব পাৰিব। যোগাযোগ : 8723859524
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
Wednesday, 17 July 2019
CUYS ৰ গ্ৰীষ্মকালীন পাঠদান কেন্দ্ৰত চাফাই কাৰ্য
CUYS, Chenga : আমাৰ CUYS ৰ চলি থকা বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কেন্দ্ৰত আজি পাঠদান শেষ হোৱাৰ পিছত এতি চাফাই কাৰ্য কৰা হৈছে। উক্ত কাৰ্যত আমাৰ NGO ৰ সদস্য জিতুমণি বৰুৱা(সম্পাদক), শ্বেষ আতিকুৰ ৰহমান(শিক্ষক), ইনজামুল হক(শিক্ষক), ৱাচিম আক্ৰম লগতে ছাত্ৰ-ছাত্ৰীৰ ভিতৰত চজিনা বেগম, নাৰ্জুৱাৰা বেগম, মনিজা বেগম, ৰুকচানা বেগম, ৰেচমিনা বেগম, লিমা খাতুন, জেচমিন চুলতানা, মহিবুল হক, ৰানা নভিদুল হাচাণ, মহিদুল আলী, ৰাজকোৱৰ ৰহমান, ফাৰদেন আলী, আনোৱাৰ ইছলাম, আচিক ইকবল, মহিবৰ আলী উপস্থিত থাকে।
![]() |
এই কাৰ্যসূচীৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক তথা সদস্য সকলৰ মাজত এটি সবল সম্বন্ধ আৰু ভাব বিনিময় ঘটিছে।
![]() |
Subscribe to:
Posts (Atom)
-
4 আগষ্টঃ পূৱ বৰপেটাৰ অন্যতম বেচৰকাৰী সংস্থা চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত যোৱা 2 জুলাইৰ পৰা চলি থকা বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদানৰ যোৱ...
-
CUYS, Chenga : আমাৰ CUYS ৰ চলি থকা বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কেন্দ্ৰত আজি পাঠদান শেষ হোৱাৰ পিছত এতি চাফাই কাৰ্য কৰা হৈছে। উক্...
-
CUYS, Chenga: আজি ২০ জুলাই ২০১৯ তাৰিখে বৰপেটা জিলাৰ ৬ নং জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই চেঙা উদীয়মান যুৱ সংঘৰ লগত ৫ খন গাঁও পঞ্চায়ত...


















































